
জীৱনৰ অৰ্থ হৈছে মানুহক অনুসৰণ কৰা যোগাযোগৰ জৰিয়তে বিকশিত হোৱা,বুজাবুজি আৰু সেৱা। অৱশ্যে অৰ্থপূৰ্ণ জীৱন এটা যাপনৰ বাবে আমি আমাৰ প্রয়োজনীয় আহিলা সমূহৰ উপস্থিতিটোও কামনা কৰো।
বৈজ্ঞানিক দৃষ্টিভংগীৰে জীৱন হৈছে জীৱবিজ্ঞানৰ এক ধাৰণা।ইয়াত জীৱৰ বিশেষত্ব, অৱস্থা যি এটা জীৱিত বস্তুক মৃতৰ পৰা পৃথক কৰে,তাৰ বিষয়ে জ্ঞান দিয়ে।।জীৱন শব্দটোৱে নিজেই জীৱিত জীৱ বা জীৱিত জীৱবোৰ যি প্ৰক্ৰিয়াৰ অংশ তাকে বুজাই।জীৱনৰ অধ্যয়নেই হৈছে জীৱবিজ্ঞান: জীৱন অধ্যয়ন কৰা লোকসকলক কোৱা হয় জীৱবিজ্ঞানী।
জীৱন হৈছে এক দৃষ্টিকোণ যি শৃংখলিত কৰে,কাম, প্ৰতিক্ৰিয়া, মূল্যাঙ্কনৰ আৰু ইয়াৰ জৰিয়তে বিকশিত হয়।
জীৱন আৰু মৃতৰ মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য হৈছে জীৱনে শক্তি ব্যৱহাৰ কৰে শাৰীৰিক আৰু সচেতনতা বিকাশৰ বাবে।
জীৱনৰ অর্থ কি?
ইয়াৰ কোনো একক, সাৰ্বজনীন সত্য উত্তৰ নাই। এটাই মাত্র উত্তৰ আছে যি আপোনাৰ বাবে শুদ্ধ উত্তৰ। ... "জীৱনৰ উদ্দেশ্য হৈছে আমি ইয়াত দিয়া উদ্দেশ্য। ইয়াৰ অৰ্থ হৈছে আমি অৰ্থ বুলি ক'বলৈ যি বাছনি কৰো সেইটোৱেই ইয়াৰ অর্থ।
জীৱনৰ অৰ্থ কি?
জীৱনৰ অৰ্থ তেতিয়া আমি বিছাৰি পাঁও যেতিয়া আমি আমাৰ প্ৰকৃত বাস্তৱিকতা বুজি পাঁও। প্ৰকৃত বাস্তৱিকতাই আমাৰ আভ্যন্তৰীণ বাস্তৱিকতাক আমাৰ বাহ্যিক পৃথিৱীৰ সৈতে প্ৰকল্পিত কৰে।যেতিয়া আমি আমাৰ উদ্দেশ্য আৱিষ্কাৰ কৰোঁ, আমি বিচাৰি পাওঁ যে,জীৱনৰ অৰ্থ হৈছে কেৱল নিজ বাছনিকৃত উদ্দেশ্যৰ দিশে গতি কৰা । এবাৰ আমি আমাৰ উদ্দেশ্য বিছাৰি পোৱাৰ পিছত, আমি জী আৰু জীয়াই থকাৰ প্রয়োজনীয়তা বিছাৰি পাঁও।
এটা শব্দত জীৱন মানে কি?
আমি সকলোৱে এটা শব্দত জীৱনৰ অৰ্থ জানো : জীয়াই থকা।
জীৱন কিয় এক মূল্যৱান উপহাৰ?
জীৱন মূল্যৱান কিয়নো ই এক ঈশ্বৰ প্রদত্ত সুন্দৰ উপহাৰ। যদি আপুনি আপোনাৰ জীৱনক গুৰুত্বসহকাৰে লয় তেন্তে আপুনি সঁচাকৈয়ে বুজি পাব প্ৰতিটো দিনেই যে সুন্দৰ এক উপহাৰ। কেতিয়াবা কর্মব্যস্ততাত আমি পাহৰি যাওঁ জীৱন কেনেকুৱা কিমান ক্ষণভঙ্গুৰ। বিড়ম্বনাৰ বিষয় যে আমি যেতিয়া আভাস পাওঁ তেতিয়ালৈ কোনোবা মৃত্যুমুখত পৰিছে, কোনোবা ৰোগাক্ৰান্ত হৈছে।
বাইবেলে জীৱনৰ বিষয়ে কি কয়?
"যিহেতু পানীয়ে মুখখন প্ৰতিফলিত কৰে, সেয়েহে এজনৰ জীৱনে প্ৰতিফলিত কৰে তেওঁৰ হৃদয়খনক।"
ভাল কথা এয়েই যে: আপোনাৰ জীৱন আপোনাৰ হৃদয়ত থকা আদৰ্শ আৰু বিশ্বাসৰ প্ৰতিফলন। আপুনি সময় অতিবাহিত কৰা স্থানবোৰে আৰু শক্তিয়ে আপোনাৰ বাবে প্ৰকৃততে কি গুৰুত্বপূৰ্ণ সেয়া প্ৰকাশ কৰে।
"যিজনে ধর্ম আৰু প্ৰেমক অনুসৰণ কৰে তেওঁ বিচাৰি পায় জীৱন, সমৃদ্ধি আৰু সন্মান।"
এটা বাক্যত জীৱন কি?
জীৱন হৈছে এক সুখৰ সন্ধানত কৰা নিৰলস অন্বেষণ। আমি যি ভাবোঁ, কওঁ বা কৰো প্ৰকৃততে অন্তৰ্ভুক্ত আকাংক্ষাৰ পৰা উদ্ভৱ হয় । সুখ অনুভৱ কৰিবলৈ, ধৰি ৰাখিবলৈ ।
জীৱনৰ সৌন্দৰ্য কি?
উৎসৱ উদযাপন কৰক আমি সৃষ্টি কৰা আমাৰ চাৰিওফালে সংঘটিত সুন্দৰ ঘটনাৰ বাবে, আমি হাঁহি আমাৰ বন্ধুবৰ্গক বিলোৱাৰ বাবে , আমি দয়াভাৱেৰে আমাৰ চাৰিওফালৰ মানুহক সম্বোধন কৰাৰ বাবে।
আমাৰ দিনটো উজ্জ্বল কৰা সূর্যটো চাওঁক যি আমাক নতুন শক্তি আৰু শক্তিৰে ভৰাই তোলে।সেইবোৰেই টো জীৱনৰ সৌন্দর্য্য।
জীৱন সম্বন্ধে আটাইতকৈ ধুনীয়া উদ্ধৃতিটো কি?
আটাইতকৈ ধুনীয়া উদ্ধৃতি
• পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ ধুনীয়া বস্তুবোৰক চাবহে পাৰি ,আনকি স্পৰ্শ কৰিব ও নোৱাৰি - সেইবোৰ হৃদয়েৰে অনুভৱ কৰিবহে পাৰি। ...
আটাইতকৈ ধুনীয়া বস্তুবোৰ টকাৰ লগত জড়িত নহয়; সেইবোৰ মাত্র এক স্মৃতি আৰু মুহূৰ্তহে।
সেয়েহে জীৱনটো উপভোগ কৰা।প্রতিটো পলক হাঁহিৰে উপচাবলৈ প্রয়াস কৰক। দুখ আহিব,আহিবলৈ দিয়ক।সম্পূর্ণ শক্তিৰে দুখৰ মুখামুখি হওঁক।দুখৰ অবিহনে সুখৰ জানো মূল্য আছে????
প্রতিটো কথা বা ঘটনাই ধনাত্মক ভাৱে গ্ৰহন কৰক।দেখিব দুখ বহুত লাঘৱ হৈছে। কথাতে নকয় জানো সুখ-দুখৰ মনেই কাৰন মনক কৰিবা স্থিত।মনক নিয়ন্ত্রণ কৰক।জোখতকৈ আৰু সাধ্যতকৈ বেছি নিবিছাৰিব।সদায় চকু তললৈ কৰি চলক।আমাতকৈও কাৰোবাৰ আৰু নাই।আমাৰটো সকলো অংগ অক্ষত আছে আৰু কিছুমানৰটো তাকো নাই।
লিখিবলৈ হ'লে শেষেই নহ'ব।আজিলৈ আহো।আকৌ লগ পাম।
জীৱন জীৱন বৰ অনুপম।জীৱন ৰামধেনুৰ সাতোটি ৰঙৰ সমাহাৰ।জীৱনক ভালপাবলৈ শিকক।
Life is beautiful so enjoy every seconds of your life.Be positive....





No comments:
Post a Comment